Saturday, 28 March 2015

বোৱাৰী

ময়ূৰীৰ বিয়া হৈ যোৱা আজি প্ৰায় এমাহে হ'ল | আহ! কি জে দিন আছিল সেইটো! সেইদিনা তাইৰ কাপোৰেই চাবা নে মেক-আপেই চাবা! সাইলাখ দেৱী জেন প্ৰতিমা |
Photo credit - WeddingsOnline

মানুহে কয় 'লাভ মেৰেইজ' কৰা সকলৰ চেহেৰাত হেনো তেনে এটা উজ্জ্বলতা থাকেই | তাইৰো আছিল | পিছে লাভৰ ঠাইত লোকচান হ'বলৈয়ো বেছি সময় নালাগে নহয়...| বিয়াৰ দিনা যিডাল হে বতৰ ! পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ | মানুহ নহ'ব বুলিয়ে ভাবিছিল তাই | গুৱাহাটীত বৰষুণ হোৱা মানেই বিদ্যুতৰ লুকা-ভাকু | গছৰ পাত এটা লৰিবলৈকে নাপায়, দাদাহঁতৰ দিলকেইটা আগতেই গাৰ্ডেন গাৰ্ডেন হৈ যায় -" বাঃ ! কি বঢিয়া চাণ্ছ !" দীঘলঠেঙীয়াই দেখা দিলেতো আৰু কথাই নাই..এক্কেবাৰে গাখীৰতে মহৰ খুঁটি |
পিছে আমাৰ মানুহবোৰো কিন্তু কম নহয় দেই ! কি ৰ'দ, কি বৰষুণ একোকে কেৰেপ নকৰে | কাৰেণ্ট নাই নাই, গাৰীত তেলতো আছে | ন' টেনচন, বিয়া জিন্দাবাদ! আমাৰ ডাঙৰ দাদাই ক'বৰ দৰে "বাদ দিয়াহে, আমেৰিকাতো বৰষুণ হয় |" কোনো প্ৰব্লেম নাই | মুঠতে বেয়া বতৰ সত্তেও ভবা মতেই বিয়াখনত যথেষ্ট মানুহ হ'ল |
ময়ূৰীৰ কিন্তু মানুহ অহা নহাৰ টেন্চনতকৈয়ো বেচি চিন্তা হৈছিল ভাবী 'জইণ্ট ফেমিলি'টোক লৈহে | আগতে তাই বিশেষ একো ভবা নাছিল | কিন্তু জোৰোণৰ দিনাৰ ঘটনাবোৰ দেখি তাইৰ এতিয়া ভীষণ চিন্তা হৈছে | সেই যে  হাঁহিলে দাঁতৰ আলু ওলোৱা মামীয়েকজনী আৰু শ্ৱোলে চিনেমাৰ 'কালিয়া'ৰ দৰে লগা মাহীয়েকজনী ! উঃ ! কি যে  চকু ! এক্কেবাৰে যেন জেঠীয়ে পৰুৱা গিলাদি একে কোবে গিলিহে থ'ব ! তাই বাৰু এই মানুহকেইজনীৰ লগত কেনেকৈ চলিব ? কি কুখ্যণত যে তাই ৰাজীৱক কথা দি পেলাইছিল ...! ছেঃ ! এতিয়াতো উপাই নাই | বহুত পলম হৈ গ'ল… |
…বিয়াৰ ভাগৰ মাৰ নৌযাওঁতেই ময়ূৰী পাগঘৰত সোমাল | মানে পৰিস্থিতিয়ে তাইক সোমাবলৈ বাধ্য কৰালে | ইনস্ট্ৰাকটৰ হ'ল হাঁহিলে আলু ওলৱা মামীয়েকজনী | দেখি তাইৰ বুকুখন চিৰিংকৈ গ'ল | মনে মনে তাই ভাবিলে 'হে ভগবান, বচোৱা |' তাইনো এতিয়া নিজৰ বিলাই-বিপত্তিৰ কথা কাক ক'ব ? কোনে শুনিব ? ৰাজীৱৰতো ছাঁটোও দেখিবলৈ নাই | এৰা, এতিয়া তাই ঘৰৰ মূৰ্গীতো ! ক'ত আৰু পাত্তা দিব ?
সি যি কি নহওক, সেইদিনা তাই তিনি কিলো মাংস ৰান্ধিল...অকলে অকলে | ঘৰত কোনো কালে একো কাম কৰি নোপোৱা ময়ূৰীৰ বাবে সেয়া আছিল ত্ৰয় জিনি অহাৰ সমান | পিছে ন-বোৱাৰীক ইমান সহজে এৰিব নে ? খাবলৈ বহি 'নিমখ কম হৈছে', 'জলা বেছি হৈছে', 'আৰু অলপ ভজা যোৱা হ'লে ভাল আছিল' ইত্যাদি কত কি মন্তব্য ! সেইবোৰ বতাহত ভাঁহি আহি ঠহৰ ঠহৰকৈ তাইৰ কাণত পৰিল | সেইদিনা তাই ভাতেই খালে নে চকুপানীয়ে খালে ক'ব নোৱাৰিলে |
দুদিন পাছৰ কথা | দুপৰীয়া তাই অকণমান সময় বিচনাত দীঘল দিছিল | মানে ভাগৰত লেবেজান হৈ অলপ জিৰণি ল'বলৈ বিচাৰিছিল | যৌথ পৰিয়াল | যিমানবোৰহে কাম ! সেই 'ৰামচে ব্ৰাদাৰ্ছ'ৰ ভূত বাংলোৰ দৰে প্ৰকাণ্ড ঘৰটো সৰা-মছাঁ কৰা, পৰ্বতাকাৰ বাচনৰ দ'ম ঘঁহি-মাজি ধুই পৰিস্কাৰ কৰা, গোটেই ঘৰখনৰ কাপোৰ-কানি ধোৱা, ইত্যাদি ইত্যাদি | তাতে আকৌ ঘৰটোৰ বাসিন্দাসকলে গোগ্ৰাসে এগাল এগাল গিলে | যেন আকালত মৰিবলৈ ওলোৱা জীৱহে ! এইবোৰকে ভাবি ভাবি তাইৰ চকু দুটা মুদ খাইছিলহে মাথোন | হঠাত্ প্ৰৱেশ ঘটিল শাহুৱেকৰ | লগত 'কালিয়া' মাহী |
"বোৱাৰী, ঠিকে আছানে ? গা বেয়া নেকি ? দিন দুপৰতে বিচনাত পৰিছা যে ?"
আচলতে তেওঁ ক'ব খুজিছিল - "বোৱাৰী ! দিন দুপৰত আনাহক শুই থকাটো মহাপাপ ! নাজানা নেকি ?"
ময়ূৰীয়ে ভিতৰি ভিতৰিগুজৰি গুমৰি থাকিলেও ওঁঠত চুইচ টিপা হাঁহি এটা লগাই ক'লে "নাই মা, এনেয়ে..." তাইৰ কথালৈ কাণ নিদি শাহুৱেকে কালিয়া মাহীয়েকক উদ্দেশ্যি ক'লে - "জান' তৰা, বোৱাৰী যে আমাৰ ৰাজীৱৰ লগত ইমান মিলিছে - দেখাই-দৰ্শনে, পহাই-শুনাই, সকলো ফালে | হেৰি নহয়, আমাৰ ৰাজীৱ আকৌ পহাত বৰ চোকা আছিল নহয় !"

আচ্ছা, তাৰ মানে মাকে পুতেকৰ মেধাৰ বিজ্ঞাপন দিবলৈ আহিছে ! অৰ্থাত্ আওপকীয়াকৈ তাইক 'ডাউন' দিবলৈ আহিছে - ময়ূৰীয়ে মনে মনে ভাবিলে | শাহুৱেকৰ বিজ্ঞাপন চলি থাকিল |
"আমাৰ ৰাজীৱে মেট্ৰিকত 86 % পাইছিল জান' ! হায়াৰ ছেকেণ্ডেৰীত তাতকৈয়ো বেছি | আৰ্টছ্ পহিব খুজিছিল | মইহে জোৰকৈ চায়েঞ্চপহিবলৈ দিলোঁ | আজিকালি আৰ্টছ্ পহি কি লাভ, নহয়নে তৰা ?" তাৰ পিছত ময়ূৰীৰ ফালে মুখখন ঘূৰাই ক'লে - "পিছে তুমি হায়াৰ ছেকেণ্ডেৰীতকেনেকুৱা ৰিজাল্ট কৰিছিলা বোৱাৰী ?"
আমাৰ অসমীয়া মাক-বাপেকবোৰৰ মনত ল'ৰা-ছোৱালীয়ে মেট্ৰিক-হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰা মানে প্ৰত্যেকেই মোটামুটি একো একোগৰাকী 'চেলিব্ৰেটি' | শাহুৱেকেও ৰাজীৱ চেলিব্ৰেটিৰ দখ্যতাৰ গুণ-গান গাই গ'ল আৰু ময়ূৰীয়ে নিৰৱে সকলো শুনি থাকিল | কালিয়া মাহীয়েকেও কটা ঘাত নিমখ ছটিওৱাদি মাজে মাজে ৰাজীৱৰ সৰুকালিৰ দুই এটা ঘটনা সংযোজন কৰি গ'ল | মাষ্টৰৰ 'ভেৰী গুডে'ৰে ভৰি যোৱা ৰাজীৱৰ বহীবোৰৰ কথা, গা মূৰ পিহি মৰম কৰাৰ কথা ইত্যাদি ইত্যাদি | সেইবোৰ মাকৰ দূৰৰে কথা, ৰাজীৱৰো কিজানি ইমান মনত নাই যিমান কালিয়া মাহীয়েকৰ আছে | ইউনিভাৰ্চিতীৰ গ'ল্ড মেডেলিষ্ট ময়ূৰীয়ে নিজৰ কথা লুকাই ৰাখি ক'লে - "নাই মা, মোৰ ৰিজাল্ট সিমান ভাল হোৱা নাছিল | মোটামুটি ঠিকেই আছিল আৰু |"

ময়ূৰীৰ কথা শুনাৰ লগে লগে শাহুৱেকৰ মুখখন  আমাৰ দাদাৰ থাৰ্টি টু নট আউটৰ দৰে হৈ গ'ল | য়াহু ! কেনে মজা ! শাহুৱেকক আৰু কোনে পায় ! সেইদিনা ৰাতিৰ সাজ তেওঁ নিজেই ৰান্ধিলে | ময়ূৰীক একো কৰিবলৈকে নিদিলে |
দুপৰীয়া বিচনাত পৰা মহাপাপটো ময়ূৰীয়ে পিছদিনা আৰু নকৰিলে | তাৰ সলনি ৰাজীৱক কৈ লেপটপটো খোলাই ল'লে | তাই নিজে নুখুলিলে | তেনে কৰিলে বা আকৌ কি বিপদ হয় ! ব্যাসৰ মহাভাৰতখন অশুদ্ধ হৈ যাবও পাৰে ! কম্পিউটাৰটো 'অন' কৰিৰাজীৱে তাইক ইণ্টাৰনেটৰ কানেকচনটোও লগাই দিলে | হওক তেও, বিয়াৰ ফটোবোৰ আজি ফেচবুকত দিব পাৰিব | ষ্টেটাচটো 'মেৰিড' কৰিব লাগিব | পিছে লাগিল কেণা, কম্পিউটাৰটোত হাত দিছিলহে মাত্ৰ, ওলাল নহয় মামীয়েকজনী ! সেই যে হাঁহিলে দাঁতৰ আলু ওলোৱা, কথাই কথাই খুঁট ধৰা.....! ময়ূৰীৰ ভবা কথা মনতে থাকিল | ফেচবুক কাট খাই গ'ল | ঘৰৰ মানুহবোৰে ইতিমধ্যে আকাৰে ইংগিতে তাইক কেইবাবাৰো বুজিবলৈ দিছিল জে ইণ্টাৰনেট চোৱা ছোৱালী মানেই বেয়া ছোৱালী | মামীয়েকৰ প্ৰৱেশ ঘটাৰ লগে লগে তাই আছৰাণিৰ দৰে এটেনচন প'জ ল'লে আৰু ডেক্সটপৰ আইকনসোপাকে খোচৰাত লাগিল |

"তুমি কম্পিউটাৰ চলাবও জানা নেকি ? " (অৰ্থাত্ - তুমি কম্পিউটাৰ কিয় চলাবা ? তুমিতো বোৱাৰী !) "আগতে কম্পিউটাৰৰ ক'ৰ্ছ কৰিছা ছাগে | নহলে জানো....|" ময়ূৰীৰ পেটে পেটে হাঁহি উঠিল | "নাই মামী, মই কম্পিউটাৰ চায়েঞ্চত এম-এছ-চি কৰিছো |"

"অ' হয় নেকি ? তেনেহ'লে তাৰ পাছত বি-এছ-চি নকৰিলা কিয় !?" ময়ূৰীয়ে হাঁহিবই নে কান্দিবই ধৰিব নোৱাৰিলে | তাই একো নামাতিলে | আজি তাই ফেচবুকত ষ্টেটাচ দিব - 'মই এম-এছ-চি কৰি থাকোঁতে বি-এছ-চি কৰিব পাহৰি থাকিলোঁ |' লগতে এটা জিভা উলিওৱা স্মাইলি এটাও দি দিব.....|

আজি ময়ূৰীৰ বিয়াৰ এমাহে হ'ল | তাইৰ ষ্টেটাচটোত ইতিমধ্যে এশটামান লাইক্ পৰি গৈছে | কোনোবাই আকৌ কমেণ্ট কৰিছে - 'হেই, হাউ ইজ মেৰিড লাইফ্ ?' তাই উত্তৰ দিলে - 'দৌৰিচে, থ্ৰি জি স্পীডত দৌৰিচে.....!'